You are here

ভাই দেখাে কমলাপতি দৌলেৰ উপৰে (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত)

ৰাগ ।। সিন্ধু

ধ্রুং: - ভাই দেখাে কমলাপতি দৌলেৰ উপৰে।

বৈকুণ্ঠৰ নাথ দৌলৰসে কেলি কৰে।।

পদ:-

দিব্য সিংহাসনে প্রকাশয় দামােদৰে।

নৱ নীল মেঘ যেন মেৰুৰ শিখৰে।।

শ্যাম শৰীৰত ঝিকি পাৰে অলংকাৰ।

নির্মল গগনে যেন জ্যোতি কৰে তাৰ।।

কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কিংকিণী।

ৰতন নূপুৰ পায়ে বাজে ৰিণিঝিণি ||

সিংহাসন সমে দোলে ত্রিজগতপতি।

যেন আকাশত ৰৱি শশী কৰে গতি।।

নন্দৰ আনন্দ বৰ ৰঙ্গ যশােদাৰ।।

জয় হৰি বুলি গােপ-গােপীৰ জোকাৰ।।

গােকুলে মিলিয়া আছে বৈকুণ্ঠ উৎসৱ।

হৰিপদে গতি মােৰ কহয় মাধৱ

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত