ৰাগ - আশােৱাৰী
ধ্ৰুং- গােৱিন্দ দীনদয়াশীল স্বামী।
তুহু মেৰি চাহেব চাকৰ হামি।।
পদ- কাকু কৰিয়া তুৱা চৰণে লাগোঁ।
অৰুণচৰণে চাকৰি মাগোঁ।।
তেৰি চৰণে মেৰি পৰণাম।
চাকৰি মাগোঁ নাহি আন কাম।।
আপুন কৰমে জনম যাহাঁ হােই।
তাহে তুৱা চৰণে চাকৰ ৰহু মােই।।
মাধৱ দাস কহ্য় মতিহীনা।
গতি মেৰি নাহি তুৱা পদ বিনা৷৷
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1794 reads