ৰাগ। বসন্ত
ধ্ৰুং- কা কৰু মনুৱা বিষয় বিলাস।
দুর্লভ মানুষ্য তনু পুনহো নপাস।।
পদ - ভাৰতে মানৱী তনু তৰণী উপাম।
দেহু ভৰা কলিকো ধৰণ হৰিনাম।।
গুৰু কেৰুৱালি ৰাম অনুকূল বাৱ।
হৰিগুণ গায়া ভৱসাগৰ কূলাৱ।।
আশা সকল গৰল কয় দূৰ।।
নাম অমিয়া পানে মন কৰো পূৰ।।
কহয় মাধৱ দাস গতি নাহি আন।
সজ্জন জনৰ সংগ লেহু অগিয়ান।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2105 reads