|| ঘোষা ||:
ৰাগ ।। মাহুৰ
ধ্রুং - ৰে মন ৰামচৰণে ৰতি লাৱত।
ঝুণ্টা বাত বিষয়-বিষ ছােড়ি
ৰাম অমিয়া গুণ গাৱত।।
|| পদ ||:
পদ- দুখ ইন্ধন মহ বিষয় আমিষ ৰস
ওহি ভৱ গহন অনলা।
তেজু তথিয়ে আশা কৈছন লালস
মানস মুগুধ বিড়ালা।।
শুন পামৰু মন মজি ৰহতু ঘন
হৰি ৰস আনন্দসিন্ধু।
কহয় মাধৱ দাস তেজু সকল আশ
ৰাম ভকতজন বন্ধু।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1490 reads