You are here

কানাই কিনা ৰূপসিয়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - বৰাড়ী

ধ্রুং- কানাই কিনা ৰূপসিয়া।

গােপীৰ হৰিল প্রাণ মুচকি হাসিয়া।।

পদ- কানাইৰ দেখিয়া ৰূপ হৰিল সুৰুতি।

অপমানে মনমথে মধৰে মূৰুতি।।

কানাইৰ দেখিয়া মুখ মনত বিকলে।

পূর্ণশশী থিৰ নােহে গগণ মণ্ডলে।।

কানাইৰ দেখিয়া দুই নয়ন উজ্জ্বল।

জাম্প দিয়া জল মাজে ৰহিল কমল।।

কানাইৰ দেখিয়া ৰূপ আতি বৰ লাজে।

মদন লুকায়া ৰৈল হৃদয়ৰ মাজে।।

কানাইৰ ৰূপ উপমাৰ কেবা জন ক্ষেম।

এক পুঞ্জ হুয়া আছে গােপিনীৰ প্রেম।।

সকল জগতে বােলে কানাই কলীয়া।

কালা মোহে শ্যাম ৰূপ ধৰিছে অমিয়া।।

অনেক যতনে বিধি চাইল মনে গুণি।

আপুন ৰূপেৰ কানু উপমা আপুনি।।

কানাইৰ দেখিয়া ৰূপ মােহে ত্রিভুৱন।

কহয় মাধৱ গতি নন্দেৰ নন্দন।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত