|| ঘোষা ||:
ৰাগ ।। ধনুশ্রী
ধ্রুং -নাৰায়ণ মায়া জানব কোই।।
সুৰপতি চতুৰবয়ন মুনি শংকৰ
চিন্তিতে আকুল হােই।।
|| পদ ||:
পদ- অঘট ঘটন পটু চাতুৰী যাে নিত
অনিত সমান জো হােই।
যতয়ে অনিত নিত সম ভাসত
ঐছন চাতুৰী হৰি তােই।।
কোই কোই সঞ্চা কোই কোই মিছা
কবহু নিয়ত নাহি জানি।
সঞ্চা মিছা সমান কয় ভাষত
মােহ কৰত বেদবাণী।।
সঞ্চা মিছা কিছুএ নাহি জানত
মুৰুখ পামৰ মতিহীনা।।
যাহা যাহা গতি মতি তােহাে কমলাপতি
কহতু মাধৱ দাস দীনা।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1500 reads