ৰাগ।। গৌৰী
ধ্ৰুং- ওৰে সখি পেখােৰে কঞ্জলােচন
চললি নন্দকুমাৰা।
ইন্দুবদন কোটি মদন
ৰূপে তুল নাহি যাৰা৷৷
পদ- মকৰ কুণ্ডল মণ্ডিত গণ্ড
গলে গজমতি লুলে।
তড়িতাম্বৰ শ্যামসুন্দৰ
শিৰে শিখণ্ডক ডুলে।।
কৰ কংকণ কিংকিণী কনক
ঝনকে চলে গােপালা।
পঞ্চম পূৰে, লম্বিত উৰে
কেলি কদম্বকু মালা।।
পদ পংকজ মঞ্জীৰ ঝুৰে
হয় চিত্ত হামাৰু।
শংকৰ কহ ছোড় বিৰহ
ওহি জগ আধাৰু।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2549 reads