ৰাগ ।।গৌড়ী
ধ্ৰুং- কমলয়নয়নকে আজু পেখলু মাই
গােৱিন্দ পেখিতে নয়ন জুৰাই।
শ্যামল অংগ পিশংগ পিছোৰা
ময়ূৰ মুকুট বনায়।।
পদ- মৃগমদ মলয়জ মিলিত বহু ভাজিত
চন্দন অংগে চৰাই।
হেমজড়িত বহু ৰতনবিভুষিত
হৰষে চলয় যদুৰায়।।
পংকজবয়ন স্মিত অৱলােকন
অলক তিলক মুহে শােহে।
সব জগবন্দন নন্দকু নন্দন
কহয় মাধৱ গতি মােহে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2135 reads