ৰাগ || কল্যাণ
ধ্ৰুং- উদ্ধৱ বন্ধু হে, মধুপুৰী ৰহল মুৰাৰু।
কাহে নাহেৰি ৰহব অব জীৱন
বন ভয়ো ভৱন হামাৰু।।
পদ- যাহে বিয়ােগ-আগি অংগ তাৱয়
তিল একু ৰহএ নপাৰি।
সােহি ব্রজসূৰ দূৰ গয়াে গােৱিন্দ
দিশ দশ দিৱসে আন্ধাৰি।।
ভয়াে মৰণ ওহি সােহি হৰি চৰণকু
বিছুৰি ৰহএ নপাই।।
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু মন দহয় সদাই।।
ব্রজজন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰত অনাথা।।
গােপিনী প্রেম পৰশি নীৰ ঝুৰয়
শংকৰ কহ গুণগাথা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 10171 reads