ৰাগ - মাহুৰ
ধ্ৰুং- গােপিনী প্রাণ কাহানু গেয়ো ৰে গােৱিন্দ।
হামু গোপিনী পুনু পেখবো নাহি আৰ
সােহি বদন অৰবিন্দ।।
পদ- কমন ভাগ্যৱতী ভয়ো ৰে সুপৰভাত
আজু ভেটব মুখচন্দা।
উগত সূৰ দূৰ গেয়ো ৰে গােৱিন্দ
ভয়ো গােপবধু অন্ধা।।
আজু মথুৰাপুৰে মিলব মহােৎসৱ
মাধৱ সাধব মান।
গােকুলক মংগল দূৰ গয়াে, নাহি
বাজত বেণু বিষাণ।।
আজু যত নাগৰী কৰত নয়ন ভৰি
মুখপংকজ মধুপানা।।
হামাৰি বংক বিধি হাতে হৰল নিধি
কৃষ্ণকিংকৰ ৰস ভাণা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1799 reads