|| ঘোষা ||:
ৰাগ ।। শ্রী
ধ্রুং - শ্যাম মনােহৰ হৰয়ে নাগৰ জানে।
হামাৰি জীৱন কানু হাসি হৰল ৰে
কালা অংগেৰে তিনি থানে।।
|| পদ ||:
পদ- ভ্ৰূৱ মদন ধনু তথিয়ে নিৱেশিত
বংকিম নয়নে পঞ্চবাণ।।
অমিয় মধুৰ বাণী মােহ মন্তৰ জপি
ঘনে ঘনে কৰতু সন্ধান।।
মােহন বংশীৰ স্বানে হৰল চেতন মন
মৰম ভেদল বৰ টানে।
কহয় মাধৱ মাই কানাই জীৱন বিনে
কভু নাহি ৰহত পৰানে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1417 reads