ৰাগ ।। তুৰ -ভাটিয়ালী
ধ্রুং -
এ নাথ তাৰিয়াে তাৰিয়াে যদুমণি।
মজিলােহোঁ ভৱসিন্ধু তােমাক নজানি।।
পদ:-
এ ভৱসাগৰ মাজে পৰি হামু ভাসি।
কাম ক্রোধ কুম্ভীৰ মগৰে গিলে আসি।।
লােভ মােহ ভয় মহা পাকে তল কৰে।
তৃষ্ণা তৰঙ্গে পায়া সব শ্রুতি হৰে।।
চিন্তা নাম বাড়ব অগনি শােষৈ প্রাণ।
নাহিকে তৰণী তুৱা পদ বিনে আন।।
জানিয়া তােমাৰ পাৱে পশিলোঁ শৰণ।
কহয় মাধৱ গতি অৰুণ চৰণ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2238 reads