ৰাগ।। সিন্ধু
ধ্রুং- ঐচন মােহন বালগােপালা।
কমললোচন স্বামী এ পীতবসন
গলে গজমতি মালা।।
পদ- মধুৰ মধুৰ ধ্বনি মুৰুৰী বাৱত
পঞ্চম গাৱত ৰঙ্গে।।
ত্রিভংগ ললিত অংগ বেণু কৰতাল
খেলায় বালক সংগে।।
চঞ্চৰ চিকুৰ মাথে ময়ুৰৰ
পুচ্ছ পৰিধান ভালা।
জল মল মণি মকৰ কুণ্ডল
শােহে তনু ঘন কালা।।
হসিত সুন্দৰ চাৰু অৰুণাধৰ
মঞ্জীৰ পদকমলে।
কোটি মদন মন মােহন মধুৰ
মূৰুতি সুন্দৰ জ্বলে।।
সিদ্ধ মুনি সুৰ শংকৰ যাকেৰি
চৰণ ৰেণু ধিয়াই।
কহয় মাধৱ দীন সাে হৰি খেলত
বালক সংগে মিলাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3713 reads