|| ঘোষা ||:
ৰাগ ।কানাড়া
ধ্রুং - যশােৱানন্দন বালক মেলে।
পৰম আনন্দে কোটোৰা খেলে।।
|| পদ ||:
পদ- মােৱা জুমুৰিকা আৱৰ খই।
বস্ত্ৰৰ উপৰে সিঞ্চে হাতে লই।।
কোটি ব্রহ্মাণ্ড ক্রীড়া ভাণ্ড যাৰ।
কোটোৰা খেলান কোন বিহাৰ।।
অনন্ত আনন্দ ৰসেৰ পতি।
তাহেৰ বালক খেলানে ৰতি।।
ভকতি অধীন দীনদয়াল।
কহয় মাধৱ গতি বালগােপাল।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1385 reads