|| ঘোষা ||:
ৰাগ ।। ধনীশ্ৰী
ধ্ৰুং -নাৰায়ণ মই তেৰি দাসকু দাসা।
ভৱভয় তাপে তাপিত মান
তােহাৰি চৰণে কৰােহোঁ হামু আশা।।
|| পদ ||:
পদ- কামিনী কনক লুবুধমতি পামৰ
ভােলে পৰল মন মেৰা।
ৰূপ ৰস পৰশ শবদ গন্ধে আকুল
কৰাহোঁ ভকতি নাহি তেৰা।।
ক্ষণিক জীৱন ধন যৌৱন জায়া।
বিৰকতি তবহু ন হােই।
দংশিত কাল ভুজংগ অংগা
জানি শৰণ লৈলাে তােই।।
বৈৰী কাম কোৰােধ মদ মৎসৰ
তা সনে ৰতি মতিহীনা।
পতিতপাৱন হৰি তােহাে বহি নাহি আৰ
কহতু মাধৱ দাস দীনা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1680 reads