ৰাগ ।। বেলােৱাৰ
ধ্রুং: - দেখাে ৰে নয়ন দুহোঁ ভৰিয়ে।
আৱত কানু মধুৰ ৰূপ ধৰিয়ে।।।
পদ:-
উজ্জৰি ৰতন ভূষণ অংগ ভংগিয়া।
নটবৰ নাগৰ সাগৰ ৰস ৰংগিয়া।।
সুৰস পঞ্চম পূৰত বেণু ধ্বনিয়া।
ত্রিভুৱন মােহন সুন্দৰ শিখামণিয়া।।
আৰকত অধৰ মাণিক নিক দশনা।।
শ্যামশৰীৰ পৰিত পীতবসনা।
কুন্তল কুটিল অলক জলমলিয়া।
সুন্দৰ কপােল তিলক ভালি বনিয়া।।
কুণ্ডল ডগমগি লম্বিত অংসা।
মানস চাৰু সৰােবৰ হংসা।।
সুন্দৰ থিৰ ললিত গজগমনা।
মাধৱ কহ গতি গােপিনী ৰমণা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1367 reads