ৰাগ - ভাটিয়ালী
ধ্ৰুং- কিৰিষি কব আলাে মনাই
হৰিচৰণ সেৱা পৰম সুখে।
যতন কৰিয়া হৰিৰ নামক।
সদাই ভাষিয়ো মুখে ৷৷
পদ - অৰুণ বৰুণ হৰিৰ চৰণ
সদাই চিন্ত মনে।
খৰে নামাৰে বানে নিনিয়ে
ইটো ফলে ছনে বনে।।
হেনয় কিৰিষি তেজিয়া মনাই
কোন কিৰিষি কৰ।
খৰে মাৰিবে বানে নিবেক
দুখ পায়া কেনে মৰ।।
ভাল খেতখানি হৰিৰ চৰণ
বতৰ বান্ধিয়া লৈয়ো৷
যেমন বুলি তেমন হয়
যতন কৰিয়া বৈয়াে।।
হৰিৰ চৰণে যি শষ্য লভয়
সকলে সে অবিনাশী।
যত খুজি তত পাৱয় জানিয়ো
এহিসে বৰ কিৰিষি।।
ই সৱ তেজিয়া লৈয়ো ৰামনাম
মনাই সন্ত-সংগতি।।
তেবেসে কিৰিষি ফলিবে কহয়
মাধৱ মূৰুখমতি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1725 reads