|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্রুং - বালক গােপাল কৰতৰে কেলি।
উচ্চায়া পাঞ্চনি নাচে হাসে গােপ মেলি।।
|| পদ ||:
পদ- নীলতনু পীত পট ধতি লটি লােৰ।
নৱঘন জিনি যৈছে বিজুৰী উজোৰ।।
শিৰে শিখণ্ডক ডােলে গলে গজমােতি।
কোটি মদন মন মােহন মুৰুতি।।
চৰণে মঞ্জৰী ঝুৰে উৰে হেমহাৰু।
শংকৰ কহ ওহি হৰিক বিহাৰু।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1903 reads