|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - ৰে মন ৰামচৰণ ধন সেৱনা।
বেদ-বচন শুনি ৰামনাম বিনি
নাহি নাহি ভৱকো তৰণা।।
|| পদ ||:
পদ- বিষয়-বিলাস পাশে বন্দী পৰনা
ধৰণা হৰিকো চৰণা।
মানৱী দেহ নিত নাহি দেখুৰে
আপুন নিকট ভয়াে মৰণা।।
যাৱে নাহি জীৱ আপুনকেৰি ছুটেৰে
ৰামচৰণে লেহু শৰণা।
মাধৱ দাস মুৰুখমতি কহয়।
গতি গােৱিন্দ দোহাে চৰণা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1485 reads