[শ্ৰীমদ্ভাগৱতৰ দ্বিতীয় স্কন্ধৰ ছৱি ছন্দৰ ব্ৰহ্মা নাৰদ সংবাদ’ৰ লীলাৱতাৰ খণ্ডৰ পৰা উদ্ধৃত। (শ্লোক : ১২৪-১২৫)]
ওৱা নৰলোক হৰি ভজিয়োক
ধৰা ইটো উপদেশ।
এৰা আলজাল জীৱা কতকাল
জৰা ভৈলা পৰৱেশ।
অন্য দেৱী দেৱ নকৰিবা সেৱ
নাখাইবা প্ৰসাদ তাৰ।
মূর্তিকো নচাইবা গৃহাে নপশিৱা
ভক্তি হৈব ব্যভিচাৰ।
এক কৃষ্ণদেৱ কৰিয়োক সেৱ
ধৰিয়ো তাহান নাম।
কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া
হস্তে কৰা তান কাম।
কৃষ্ণৰ স্থানক যত্নে চলিয়োক
সাঞ্চিয়াে পুণ্যৰ দাম।
কৃষ্ণৰ কিঙ্কৰে কহে নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম।
- 7847 reads