You are here

দশম যুগল পটল: শৰণ ছন্দ ( খেদ)

হে কৃষ্ণ, তুমি নিজ আত্মা প্রিয়তম গুৰু্
মোৰ প্রভু নাৰায়ণ এ্
পৰম ঈশ্বৰ ভয়হাৰী,
হৰি হৰি তুমি ইষ্টদেৱ ভয়হাৰী।
এতেকে জানিয়া  তযু চৰণে শৰণ লৈলোঁ,
মোৰ প্রভু নাৰায়ণ এ,
নছাৰিবা ইৱাৰ মুৰাৰি,
হৰি হৰি লৈয়ো  মোক মায়াক নিবাৰি হৰি এ,
মনুষ্যে যোনিৰ কৰ্ম্মে নি:শেষ যোণিত ফুৰি
দীনবন্ধু দামোদৰ এ
হৰি হৰি, বাৰে বাৰে ভুঞ্জিলোঁ অপাৰ
দীনবন্ধু কতবা ভুঞ্জিলোঁ নাহি পাৰ
ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলোঁ,
দীনবন্ধু দামোদৰ এ্
হৰি হৰি, নকৰিবা মোক পৰিহাৰ।
প্রাণবন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এৰ।।
পুনু পুনু নৰতনু লভিয়া তোমাক তেজি
দীন বন্ধু দামোদৰ এ
হৰি হৰি সংসাৰে ভ্রমিলো অসংখ্যাত,
দীনবন্ধু কতবা কৰিলোঁ আয়াযাত,
ইবেলি কৰুণাময় তোমাৰ কিঙ্কৰ ভৈলোঁ।
দীনবন্ধু দামোদৰ এ
হৰি হৰি ৰতি মোৰ ৰহোক তোমাত
* প্রাণ বন্ধু চৰণত কৰো প্রণিপাত হৰি এ।।*(ঘুষিব লিগে)
* এ মাধৱ মুকুন্দ মুৰাৰি কি গতি হৈব হামাৰ।
মায়াৰ ৰচনা আশা নদী মাঝে মজিয়া নাপাওঁ পাৰ এ।।*(ঘুষিব লিগে)


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত